I 960 ] মােৰ মায়া । ১৩৩৪ যাদৱ যদুনন্দন মুকুন্দ মুবিনাশী। অবিদ্যা সাগৰে মজিলো মাধৰ উদ্ধাৰ কৰিযে আসি। ১৩৪ জীৱন যাদৱ ৰাষ, সবেহে তোমাৰ পায়, ম নেৰিবা নফ দায়, তুৱা পাৰে ৰতি, যিমতে কৰিবে, দিয়ােক নাথ পায় ॥ ১৩৫ ॥ যা জয় যদুপতি তােমাৰ চৰণে লাগে। শ্ৰৱণ কীৰ্ত্তন নির্মল ভকতি কাকুতি কৰিয়া মাগো। ১৩৬ ॥ দীন দয়াশীল যাদৱ সেৱক লৈয়ো উদ্ধাৰি। দান্তে তৃণ কৰে। চৰণত ধৰোঁ, নেৰিবা মেক মুৰাৰি। ১৩৭। করুণা- ময়, করুণাসাগৰ কৃপাৰ করুণা সিন্ধু। তোমাৰ কৃপাৰ, আমি নােহে পাত্র, তুমি পূর্ণ দীন বন্ধু ॥ ১৩৮ | ৰাম কৃষ্ণ হৰি গােবিন্দ, দীন দয়াশীল স্বামী। তোমাৰ চৰণে সহজ বাসনা, শৰণ মাগো আমি । ১৩৯। মােৰ প্রাণ বন্ধু গােবিন্দ, সেৱক কৰিয়ে লৈয়ো । আন একো কাম ন মাগো তােমাৰ, ভৃত্যৰ সঙ্গত থৈয়ে। ১৪ | জয় যদুপতি যাদৱ তুমি অগতিৰ গতি। দান্তে তৃণ ধৰি, তোমাৰ চৰণে মাগোঁহেঁ। সাধু সঙ্গতি। ১৪১। ৰাম কৃষ্ণ হৰি গােবিন্দ, সেৱক ভৈলে। তােমাৰ। ততয চৰণে, শৰণ পশিলে। চুৰিয়ে মায়া হৰি।। ১৪২। গােবিন্দ গােপাল গােপী- নাথ, দয়া ন চাড়িবা মােৰে অপৰ সংসাৰ আৰ নাহি পার, মজিলে। এদুঃখ ঘােৰে । ১৪৩। হৰি হৰি হৰি হৰি, কৃষ্ণ ৰাম' নাৰায়ণ । কৰা হৰি মােৰ মাযা উপশম নাৰায়ণ নাৰায়ণ ১৪৪। গোপীনাথ ইবাৰ মােক নেড়িয়ে। তযু মায়া জাল, জঞ্জাল গুচায়া চৰণে শৰণ
পৃষ্ঠা:নামঘোষা.djvu/৮৩
অৱয়ব