পৃষ্ঠা:নামঘোষা.djvu/৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ ৭৪ ] চৰণে সদা শৰণ আমাৰ। ৯৬। দৈৰকীনন্দন প্রভু পৰম গুরু, দয়াশীল দৈৰ নিৰঞ্জন। তুৱা পদ কমলে মতোক মেৰি মন। ৯৭ জগত জীৱন যদু যাদৱানন্দ, জগত কাৰণ যদুপতি। তুমিসে কেৱল নিজ ভকতৰ গতি। ৯৮ ভকত বৎস প্রভু ভকত বন্ধু, ভকত ৰঞ্জন ভয়হাৰী। ভকতৰ নিজগতি তুমিশে মুৰাৰি । ৯৯ ৪ পতিত জনৰ গতি জগত পতি, পতিত পাৱন ভগৱন্ত । পৰম ঈশ্বৰ দেৱ অনাদি অনন্ত ১০০ করুণাময় ৰাম করুণা- ময়। কৰিযে কৃপা যেন উচিত হয়। ১১। তুমিসে ৰাম কৃপা ৰসৰ নিধি। তোমাৰ কৃপা বিনে নাহিকে সিদ্ধি। ১২। তোমাৰ কৃপকেসে কৰিচেঁ অশ। অরুণ পদ তলে দিয়ে বাস ॥ ১০৩। সহজে তুমি ৰাম করুণা সিন্ধু। তােমত বিনে আন নাহিকে বন্ধু । ১০৪। তােমাৰ কৃপালেশে আমাৰ গতি। কহয় মাধৱ মুখ, মতি । ১৫। কাকুতি। কিমতে ভকতি কৰিব তােমাত হৰি, মই মুটুমতি ন জান তাৰ উপাই ৰাম ৰাম। মহা বলৱন্ত দুর্বাসনা ঘােৰ হৰি, জামাৰ মনক তেজিয়া দূৰ ন জাই ৰাম ৰাম ১০৬। তোমাৰ মাযায়ে মন মুহি আচে হৰি, অজ্ঞান আন্ধাৰে পৰিয়া পাৰ নপাও ৰাম ৰাম । অভয় চৰণে শৰণ পশিলে। হৰি, ভুয়া গুণ নাম ভকতি প্রদীপ চাও ৰাম ৰাম। ১০৭। ভকতি মিনতি প্রণতি ন জানো হৰিওঁ, মােপৰে জ্ঞানশূন্য হীন মতি নাই ৰাম