পৃষ্ঠা:নামঘোষা.djvu/৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
[ ৭৩ ]

তুমি কৃপাময়, কেৱলে করুণাসিন্ধু ॥ ৮৪ ॥ হৰি হৰি হৰি হৰিএ, হৰি হৰি হৰি, তুমি কৃপাময় দীন দুঃখ বিনাশন। ভৃত্য ভযহাৰী, জানিয়া তোমাৰ, চৰণে লৈলোঁ শৰণ ॥ ৮৫॥ হে কৃষ্ণ দয়াশীল, দয়া ন চাড়িবা মােক। অজ্ঞান তিমিৰ, নাশিয়া বিজ্ঞান, প্রদীপ প্রভু দিয়ােক॥ ৮৬ ॥ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম, ৰাম কৃষ্ণ,ৰাম কৃষ্ণ অগতিৰ গতি। অচিন্ত্য অনন্ত, সুখৰ সাগৰ, কৃষ্ণৰ পদ ভকতি॥ ৮৭॥ হে প্রাণ প্রভু কৃষ্ণ দেৱ, প্রাণ কৃষ্ণ দেৱ, দীনক কৰিয়ো দায়া৷ পৰম তাপিতে, মাগোহোঁ তােমাৰ, শীতল চৰণ ছায়া ॥ ৮৮॥ প্রাণ প্রিয়তম যদুদেৱ, দিযাে মােক এহি দান। ক ৰায়ো তোমাৰ, চৰণ সেৱাৰ, সন্তোষ অমিয় পান॥ ৮৯॥ নমাে ৰাম কৃষ্ণ সদাশিৱ, সদাশিৱ কৃষ্ণ, তুমি জগতৰ পতি। অপাৰ ৰহিত, মাগােহোঁ ভকতি চৰণে কৰি প্ৰণতি॥ ৯০॥ জগত গুরু নাৰায়ণ, জগত গুরু নাৰাযণ, মােৰ প্ৰভু ৰাম কৃষ্ণ নাম। হৰিতো হৰি ৰাম কৃষ্ণ ৰাম ॥ ৯১ ॥ ৰাম কৃষ্ণ নিৰঞ্জন, ৰাম কৃষ্ণ নিৰঞ্জন, দীনবন্ধু নাৰায়ণ, তুমিতো প্রভু অগতিৰ গতি॥ ৯২॥ গােপীনাথ গােপীনাথ, মােৰে কমলা কান্ত, মােৰ প্ৰভু ৰাম নাৰায়ণ। অভয় চৰণ পাই পশিলোঁ শৰণ ৷ ৯৩ ॥ অনাদি অনন্ত হৰিএ, জীৱন বন্ধু, ৰাম কৃষ্ণ করুণা সাগৰ৷ অনাথৰ নাথ দয়াশীল দামোদৰ॥ ৯৪ ॥ পৰম পুরুষ হৰিএ পৰমানন্দ, পৰম কাৰণ নাৰায়ণ। ভকতৰ ধন তযু অরুণ চৰণ। অনন্ত অচ্যুত সদাশিৱ সনাতন । ৯৫॥ জয়তি

জগত গুৰুএ গুণৰ নিধি, নিত্য নিৰঞ্জন নিৰাকাৰ। তােমাৰ