পৃষ্ঠা:নামঘোষা.djvu/৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
[ ৭০ ]


কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ বোল মন ভাই। হৰিয়ো সন্তোষ হয়, গুচয় সংসাৰ ভয়, হৰি পদ সেবা সুখ পাই হৰি ৰাম ॥৬০॥

 নিশা ॥ হৰিৰ নামৰ কীৰ্ত্তন সুখ । ন জানে যি জনে হৰি বিমুখ॥ ৬১ ॥ ন কৰে কীৰ্ত্তন যিতো পামৰ। সি জন অধীন ভৈল যমৰ॥ ৬২ ॥ হৰি গুণ নাম ন লৱে মুখে। যমৰ যাতনা ভুঞ্জিব দুঃখে॥ ৬৩ ॥ ন কৰে কীৰ্ত্তন হৰি নামৰ কি কাৰ্য্যে মনুষ্য ভৈল পামৰ ॥ ৬৪ ॥ হৰি কীৰ্ত্তনত ন কৰে ৰতি। পশুতো অধম সিতো কুৰতি ॥ ৬৫ ॥ নুফুৰে সদা হৰি গুণ গায়া। জানিবা মুহিলে হৰিৰ মায়া॥ ৬৬ ॥ হৰি কীৰ্ত্তনত নেদিলে চিত। সিতো ভাগ্যশূন্য ভৈল বঞ্চিত॥ ৬৭ ॥ 

আত্ম নিন্দা॥ তুমি প্রাণ প্রিয়তম, সুহৃদ পৰম দেৱ, প্রাণ প্রভূ পীতাম্বৰ এ, তুমি সে কেৱলে আত্মা মােৰ। হৰি হৰি তুমি সে কেৱলে আত্মা মােৰ। তােমাক ন জানি জড়, মিচা শৰীৰক মই, প্রাণ প্রভু পীতাম্বৰ এ, আত্মা বুলি ভৈলো সেৱা চোৰ। প্রাণ বন্ধু কিনে মই অজ্ঞানী দুৰ্ঘোৰ হৰিএ॥ ৬৮ ॥

 খেদ ॥ দুৰ্ব্বাৰ দুঃসঙ্গ, দুর্ব্বাসনা দুষ্ট, হৰি হৰি হৰি হৰি এ, অনাদি অবিদ্যা আপুনি ভৈলো মােহিত। অনাত্মা দেহক আত্মা বুদ্ধি কৰি হৰি হৰি হৰি হৰি এ, সেৱা পৰিহৰি সি সুখে ভৈল বঞ্চিত। মায়াময় ঘােৰ সংসাৰ নিকাৰ, হৰি হৰি হৰি হৰিএ, তাকে সুখ মানি