পৃষ্ঠা:নামঘোষা.djvu/৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
[ ৬৫ ]


নিগদতি অর্জ্জুনত, দেহাদিক আমি অতিক্রমি, গৈয়া আছো শুদ্ধ ব্ৰহ্মতো কৰি উত্তম। এতেকে সে জানা ইতো লােকে, খেদতো প্রখ্যাত হুযা আছে, মােৰ নাম ইতো প্রসিদ্ধ পুরুষােত্তম ॥ ৯২ ॥ যিতো মহামতি গুরু জনে, হৰি ভক্তি পথ উপদেশ, দিয়া দুঃখময় সংসাৰৰ পাৰ কৰে। হেনয় পৰম গুরু ঋণ, সুঝিবাক প্রতি জানা নিষ্ঠ, অন্যত্র উপায় নাহি অঞ্জলিত পৰে ॥ ৯৩ ॥ হৰি ভক্তি দাতা গুরু ঋণ, সুঝিবাক যিতাে অহঙ্কাৰী, অনেক যতনে মতন আ- লােচে মাত্র। ঋণ সুঝিবাক ন পাৰয়, জানিবাহা সিতো দুৰাশয়, উপলা সদৃশ বিনােদৰ ভৈল পাত্র ॥ ৯৪ ॥ আপুন নামক বহুতৰ, কৰি নিজ সৰ্ব্ব শক্তি দিয়া, কালৰ নিয়ম নিবিহিলা স্মৰণত। এতাদৃশী তব কৃপাহৰি, মােহােৰ দুর্দ্দৈব, দেখা কিনো, অনুৰাগ প্ৰভু নভৈল তযু নামত॥ ৯৫॥ কত মহা দুঃখে পুণ্য কৰি, অপবর্গ যোগ্য নৰতনু, পায়া পৃথিবীত বিষয়ত মজি ৰৈল। ইসি খেদ হৰি সেৱা তেজি, আপুনাক আত্মঘাত কৰি, সিতাে মহাপাপী আপুনি বঞ্চিত ভৈল॥ ৯৬॥ হৰি যেন অতিকৃপাময়, ভক্ত গুরুজনো.সেহি নয়, দুয়ো জন এক শৰীৰত মাত্র ভিন্ন। কৃপাৰসে তুষ্ট হুয়া চিত্ত, লােকৰ হিতক চিন্তি নিত, নিজ গুণে তুষ্ট দুয়াে অহঙ্কাৰে হীন ॥৯৭॥ ভাৰত পুৰাণ আদি যত, প্রকাশ কৰয নানা মত, যত মহাজন সবৰ সভা মধ্যত। পৰম আনন্দ ৰস ময়, কোটি সূৰ্য্যসম প্ৰকাশয়, মহা ভাগ-

ৱত নােহন্ত যাৱে বেকত ॥ ৯৮ ॥ একান্ত ভকত যাৰা হয়,