শ্রেষ্ঠ বিদ্যাৰম্ভ, যজ্ঞে তপে অতি সি সি জন শুদ্ধমতি।
সি সি জন মহা দাতা জ্ঞানী, সি সি সত্যবাদী মহামানী,
পুরুষােত্তমত আচয় যাৰ ভকতি ॥ ৮৫ ॥
কীৰ্ত্তন প্রশংসা ॥ যি দিশত মহাভক্ত সবে, শ্ৰীমন্ত কমললােচনক, পৰম সন্তোষে কীৰ্ত্তন যিতো কৰয়। সি দিশক নমস্কাৰ কৰি, দুৰ্ঘোৰ সংসাৰ সুখে তৰি, আপুনি অচ্যুত স্বরূপ সিতো হােৱয় ॥ ৮৬ ॥ ৰমা- নন্দপদ যুগলৰ, মকৰন্দ মধুব্ৰত প্ৰায়, ভকত সকল যি দিশত প্রকাশয়। সি দিশ জানিবা গঙ্গাদেবী, অনেক প্রবাহ রূপে আতি, পৰম নির্ম্মল স্বরূপে শােভা কৰয় ॥ ৮৭ ॥ শ্রীমধুদ্বিষ ঈশ্বৰৰ কীৰ্ত্তন মঙ্গল নিৰন্তৰ, যিতো ভূমিভাগে শুদ্ধরূপে হোৱে যাত। তাৰ ধূলি যিতাে শিৰে ধৰে, নিশ্চয়ে জানিবা সিতো নৰে, কৃষ্ণৰ পৰম বল্লভ হােৱে সাক্ষাত॥ ৮৮ ॥ হে দেৱ মহেশ্বৰ হৰি, তযু কথামৃত পান কৰি, বঢ়ায়া ভকতি মনক শুদ্ধ কৰয়। বৈৰাগ্যে সে সাৰ ভৈল যাৰ, হেনয় বোধক লভি সুখে, পৰম নিৰ্ম্মল বৈকুণ্ঠ গৈয়া পাৱয় ॥ ৮৯ ॥ হৰি সত্য নিতা ভগ- বন্ত, নাহি পূর্ব্বাপৰ আদি অন্ত, তাহান চৰিত্ৰ পৰম আনন্দ ৰস। তাক এড়ি মন দুৰাশয়, যতেক বিষয় বিষময়, তাকে আশা কৰি সংসাৰে মজি মৰস॥ ৯০ ॥ মহন্ত সবৰ সঙ্গ লৈয়া, হৰিত একান্তচিত্ত দিয়া, পৰম আনন্দে গায়ো হৰি গুণ নাম। সহজে কৃপালু দেৱ হৰি, লৈৱা আপুনাৰ দাস কৰি, হৰি দাস ভৈলে হৈা ভাই পূর্ণকাম ॥ ৯১ ॥ কৃষ্ণ