পৃষ্ঠা:নামঘোষা.djvu/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( ১৭) ওম। ১৪৫। ঈশ্বৰক জানি নৰে, ভজিয়া মায়াক তৰি, সিংহ যেন ভ্রময় নির্ভয় । এতেকে সে ঈশ্বৰৰ, নাম নৰ- সিংহ ভৈল মহাজন সকলে কহয় ১৪৬ ঈশ্বৰৰ পাদ পদ্ম, ভজি শুদ্ধ চিত্ত হুয়া, অধমে তেজয় বামনয়। এহি হেতুতে সে থাকি, নিৰন্তৰে মহাজনে, ঈশ্বৰক বামন বােলয় ১৪৭। মােক্ষ আদি কৰি সুখে, ঈশ্বৰ সেৱাৰ জান, অনু একো নুহি সমসৰ । এহি হেতু মহাজনে, জানিব পৰমানন্দ, নামধৰি অচিন্ত ঈশ্বৰ। ১৪৮। যি হেতু কৃষ্ণেসে আত্মা, এতেকে সে জীৱ ৰাশি, নিৰন্তৰে আনন্দ লয়। এহি হেতু সৰ্বানন্দ, নাম ধৰি আছা হৰি, মহাজনে জানিবা নিশ্চয় । ১৪৯। যিকাৰণে নাৰায়ণে, পঞ্চভূতে পঞ্চ বর্ণ, মালা পিন্ধি প্রকাশ কৰন্ত। এহি হেতু নিৰন্তৰে জানিবাহ বনমালী, নাম ধৰি আচা ভগ- বন্ত। ১৫। ঈশ্বৰ সেৱাৰ সুখ, লভিয়া ইন্দ্রিয় জন্য, সুখ জীৱ অধস্কৃত কৰে। এহি কাৰণত সবে, জানি বাহা অধােক্ষ, নাম ধৰি আচা দামোদৰে ॥ ১৫১। চৈতন্যত কৰি পৰ, মায়াত উপজি যত, আছে তাক ৰমৱন্ত হৰি। এহিসে কাৰণে জানা, পৰম ঈশ্বৰ প্ৰভু, পশুৰাম নাম আচা ধৰি । ১৫২। চৈতন্য শক্তিৰ দ্বাৰে, ইতো জড় জগতক, মৰম্ভ কৰ্ম্ম অনুরূপে। এতেকে সে ঈশ্বৰৰ, পৰম প্রসিদ্ধ , ৰাম, নাম আক জানিবা স্বরূপে ॥১৫৩ অনন্ত চৈতন্য আত্মা, সদানন্দ ঈশ্বৰত, যােগী জনে সদায়ে ৰময়। এহি হেতু ৰাম পদে, পৰম ব্ৰহ্ম স্বরূপত, কহে ৰাম নামৰ অম্বয। ১৫৪। 2 st