পৃষ্ঠা:নল-দময়ন্তী-চৰিত্ৰ.djvu/৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৬
নল দময়ন্তী।

মোৰ সঙ্গে দ্বন্দ কৰি প্ৰিয়সী আমাৰ।
মোক এড়ি গৈয়া পতি ভজিলেক আৰ॥
অলেখ্য হৰিণ মই মাৰো দিনে দিনে।
গেলি পচি যাই মাংস ভাৰ্য্য়া অবিহনে॥
হাটে বসি মংস বেচে নাহি হেন জন।
এতেকতে চলা তুমি আমাৰ ভৱন॥
আপুনি মাৰিয়া জন্তু হাটত লইয়া।
আধা মুলি কৰি যেনে তেনে আসো দিয়া॥
মাৰিবো হৰিণ মই তুমি বেচা বসি।
দুনা লাভ হুব কহো শুনাহা ৰূপসি॥
অকাৰণে অৰণ্যত ভ্ৰমা একাকিনী।
আহা প্ৰিয়া মোৰ ঘৰে হুইবাহা ঘৈণী॥
শুভদিন ভৈল দুঃখ নেভাবিবা মনে।
সুখতে বঞ্চিবা সদা মোহোৰ ভৱনে॥
ব্যাধৰ স্বভাব দেখি ভীমৰ নন্দিনী।
মুণ্ডত পড়িল বজ্ৰ কাম্পে দেহাখানি॥
হাত যোড় কৰি ব্যাধে কৰে নিবেদন।
তুমি মোব বাপ নকহিবা কুবচন॥
অজাগড়ে মাৰি তুমি প্ৰাণ দান দিলা।
সি কাৰণে ব্যাধ তুমি মোৰ পিতৃ ভৈলা॥
এতেক শুনিয়া ব্যাধ ক্ৰোধত জ্বলিলা।
বান্ধি ধৰি নিবো তোক বচন বুলিলা॥