পৃষ্ঠা:নল-দময়ন্তী-চৰিত্ৰ.djvu/৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৫
নল-দময়ন্তী।

হেনকালে এক অজাগৰ,  ফেট তুলি আতি ভয়ঙ্কৰ;
 মুখ মেলি গিলিবাক ধায় শীঘ্ৰ কৰি॥
গ্ৰাসিবাক চলে কাল ফণী,  দেখি কম্পি ভয়ে সুবদনী;
  নিচুকি থাকিলা যেন চিত্ৰৰ পুতলা।
ভুজঙ্গে ধৰিয়া মাৰে খাই,  ৰক্ষা কৰা মোক নল ৰাই;
  পুত্ৰৱতী ভাৰ্য্যা তযু কাতৰে ডাকিল॥
সৰ্পে দংশে মোক নাহি খেদ,  অন্তকালে মই ভৈলো ভেদ;
  এহি চিন্তাতেসে আবে যাৱে মোৰ প্ৰাণ।
হেন কালে এক ব্যাধপুত,  ধনু তীক্ষ্ণ শৰ কৰি যুত;
 সৰ্পক টোৱাঁই এড়িলেক তীক্ষ্ণ বাণ॥
খণ্ড খণ্ড কৰি কাটি সাপ,  বুলিলা কন্যা নকৰা তাপ;
  স্থিৰ হোৱা নাহি সৰ্প ভয় আছো মই।
কাটিলো সৰ্পক দেখা তুমি,  ভজা মোক আৰে সুবদনী;
 লইয়া ঘৰক যাওঁ কান্ধত চড়াই॥

⸻:0:⸻



ব্যাধৰ প্ৰতি দময়ন্তীৰ শাপ।



ব্যাধ বোলে কিয় তুমি ভ্ৰমা অকাৰণে।
ঘৰক চলাহা মই ৰাখিবো যতনে॥
চৰণক সেবি মই হইবো কিঙ্কৰ।
যেৱে যিবা আজ্ঞা দিবা পালিবো সত্বৰ॥