পৃষ্ঠা:নল-দময়ন্তী-চৰিত্ৰ.djvu/৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৫
নল-দময়ন্তী।

শুনি দময়ন্তীক বুলিলা ৰাজা নল।
শুনিলা কি প্ৰাণেশ্বৰী বিহঙ্গম বোল॥
অক্ষে হৰুয়াইলা যেই সেই বস্ত্ৰ নিল।
পক্ষীৰ বচনে মোৰ জ্ঞান হত ভৈল॥
তোমাৰ আক্ষেপে কৰে এতেক দুৰ্গতি।
নপাওঁ কলিৰ আশ অতি খল মতি॥
এতেকতে হিত বোলো শুনা প্ৰাণেশ্বৰী।
এহি পথে ছলি যোৱা অবন্তী নগৰী॥
এহি পথে গৈলে পাইবা বিদৰ্ভ নগৰ।
শুনিয়া ভৈমীৰ ভয়ে কম্পিলা অন্তৰ॥
কান্দিয়া কহিলা ৰাণী শুনা নৰপতি।
তযু বাক্য শুনি মোৰ স্থিৰ নোহে মতি॥
ৰাজ্য নাশ বনবাস বিবস্ত্ৰ হইলা।
ক্ষুধা তৃষ্ণা মহা দুঃখ সাগৰে ডুবিলা॥
সব পাসৰিবা মই থাকিলে সংহতি।
মোক ভ্যজিবাক কেনে চাহা মহামতি॥
ভাৰ্য্যা অবিহনে প্ৰভু নাহি সুখ লেশ।
আমাক ত্যজিলে বনে পাইবা বহু ক্লেশ॥
নল বোলে প্ৰাণেশ্বৰী স্বৰূপ বচন।
পৃথিবীত নাহি বন্ধু ভাৰ্য্যাৰ সমান॥
ত্যজিবাক পাৰো মই আপোন জীৱন।
তোক ত্যাগ নকৰিবো মই কদাচন।