পৃষ্ঠা:নল-দময়ন্তী-চৰিত্ৰ.djvu/৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৪
নল-দময়ন্তী।

অৰণ্যত ভ্ৰমে ৰাজা ভোকতে বিহবল।
বন্য ফলমূল ৰাজা বিছাৰি ন পাইল॥
যাক ভুঞ্জাৱয় প্ৰতি নিতে নিতে।
তৃপিতি নহৱে যাৰ দধি দুগ্ধ ঘৃতে॥
ক্ষীৰখণ্ড পঞ্চামৃত যাহাৰ আহাৰ।
সুধা তুল্য বন্য ফল ভৈলেক তাহাৰ॥
নিৰ্দ্দয় নিষ্ঠুৰ কলি আতি ক্ৰুৰ মতি।
সন্তোষ নভৈল কৰি এত লটি ঘটী॥
ভৈলা পক্ষী ৰূপ কলি সোণৰ বৰণ।
নলৰ আগত আসি দিলা দৰশন॥
পক্ষী দেখি আনন্দতে গুণিলা ৰাজন।
মাংস ভক্ষি পাখী বেচি পাইবো বহুধন
ধৰিবাক উপায় গুণিয়া মনে মন৷
পক্ষীৰ ওপৰে পেলাই কটিৰ বসন॥
বস্ত্ৰ লৈয়া উড়িলা মায়াবী বিহঙ্গম।
আকাশৰ পথে চলে কৰিয়া বিক্ৰম॥
আকাশৰ হন্তে পক্ষী বুলিলা বচন।
আমি কলি দ্বাপৰ বুলিলা আবে জান॥
আমাসাক ত্যজি ভৈমী বৰিল তোমাৰে
তাৰ সমুচিত ফল দিলো বাৰে বাৰে॥
ৰাজ্যভ্ৰষ্ট মতিছন্ন কৰিয়া তোমাক।
দময়ন্তী সমে তোক পঠাওঁ বনক॥