পৃষ্ঠা:নল-দময়ন্তী-চৰিত্ৰ.djvu/১১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৩
নল-দময়ন্তী।


ঘাস পানী দিয়া ঘোড়া কৰি পৰিপাটি।
অশ্বশালে প্ৰবেশিলা বাহুক সাৰথি॥
ঋতুপৰ্ণ সঙ্গে আসি সুদেব ব্ৰাহ্মণ।
শীঘ্ৰ বেগে ভৈমী পাশে কৰিলা গমন॥
দময়ন্তী অগ্ৰে বিপ্ৰে কহে যোড় পাণী।
শুনা শুনা ৰাজকন্যা কহো মই বাণী॥
ঋতুপৰ্ণ ৰাজাৰ সাৰথি একজন।
পত্ৰ পঢ়ি বহুমত কৰিলা ৰোদন॥
তোৰ কথা জিজ্ঞাসিল বিৰলে ডাকিয়া।
ৰাজ আজ্ঞা ক্ৰমে ৰথ আনিলা সাজিয়া॥
কিনো অশ্ব শিক্ষা তাৰ কিনো দ্ৰুতগতি।
ছয় দণ্ড কালে আসে তোমাৰ বসতি॥
বিপ্ৰৰ বচন শুনি ভৈমী কহে বাণী।
স্বৰূপ জানিলো সেহি নল নৃপমণি॥
অনুমানে বুঝে বিধি হুইলা সদয়।
বহু উপকাৰী তুমি ব্ৰাহ্মণ তনয়॥
এহি বুলি ব্ৰাহ্মণক দিলা বহু ধন।
হীৰা মণি মৰকত পোৱাল কাঞ্চন॥
পাট মেজাঙ্কৰি বস্ত্ৰ দিলা বহুমত।
অদৰিদ্ৰ কৰি দান দিলা অপ্ৰমিত॥

⸻:0:⸻