পৃষ্ঠা:নল-দময়ন্তী-চৰিত্ৰ.djvu/১১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০২
নল-দময়ন্তী।


ৰথ হন্তে নামি ঋতুপৰ্ণ মহাবীৰ।
সভা মধ্যে চলিয়া গৈলাহা ধীৰে ধীৰ॥
নেদেখিয়া স্বয়ম্বৰ মানিলা বিস্ময়।
কি কাৰ্য্য় কৰিলো বুলি গুণে মহাশয়॥
ঋতুপৰ্ণ ৰাজাক দেখিয়া ভীম ৰাজা।
মহানন্দে মনে তাঙ্ক কৰাইলন্ত পূজা॥
অযোধ্যাৰ নাথক বুলিলা ৰাজা বাক।
আজি সুপ্ৰভাত মোৰ দেখিলো তোমাক।
ভীম ৰাজা বোলে শুনা অযোধ্যাৰ পতি॥
কি কাৰণে অকস্মাৎ আইলা মহামতি।
তান বাক্য শুনি ৰাজা মানিলা বিস্ময়॥
মিছা স্বয়ম্বৰ বুলি জানিলা নিশ্চয়।
গুণি ভাবি ৰাজা তেবে বুলিলা বচন।
আসিলোহো তোমাক কৰিবে সম্ভাষণ॥
ভীম ৰাজা বোলে আজি কিনোভাগ্য মোৰ।
আমাৰ পৰম বন্ধু ভৈলা অগ্ৰসৰ॥
শ্ৰমযুক্ত আহা আজি বঞ্চা মোৰ ঘৰে।
এহি বুলি দিব্য বাসা দিলন্ত ৰাজাৰে॥
সুমধুৰ খাদ্য বস্তু বিবিধ প্ৰকাৰ।
যোগান দিলন্ত ৰাজা আনন্দে বিভোৰ॥
নিযোজিলা দাস দাসী কৰে পৰিচৰ্য্য়া।
বিশ্ৰাম কৰিলা গৈয়া ঋতুপৰ্ণ ৰাজা॥