নব দিন সাত পাঞ্চ কিম্বা তিনি দিন।
বৰ কন্যা দুয়োকো নোঁঞাব ভিনে ভিন॥
আয়তী সকলে মহা মহোৎসব কৰি।
প্ৰতি দিনে সাত পাঞ্চ স্বৰ্ণ ঘট ধৰি॥
নদী জল আনিয়া স্নানিবে দুই হান্তক।
দিবে দান দুখি ভিক্ষু বিপ্ৰ দৈবজ্ঞক॥
নৃত্য গীত বাদ্য বজাইবেক অবিচ্ছেদ।
গৃহৰ সজ্জাক আছৰিবে নানা ভেদ॥
নিজ দ্বাৰ গৃহ বাট ঘাটত যতনে।
ৰম্ভা ৰুই আম্ৰ পত্ৰ আঁৰিব সঘনে॥
দধি দুগ্ধ মিষ্টান্ন মোদক যত যত।
প্ৰতি দিনে মন পুৰি খুৱাইবে গৃহত॥
কৰ্পূৰ তাম্বুল দিয়া সবাকো তুষিব।
নট ভাট নৰ্তকীক বসনে ভূষিব॥
নিত্য নব বস্ত্ৰে অলঙ্কাৰে বেশ কৰি।
আনন্দ কৰিবে সবে আয়তী শুন্দৰী॥
প্ৰতি দিনে নানা ৰঙ্গে নাম গুণ গাব।
এহি মতে বিবাহৰ পূৰ্ব্ব দিন পাইব॥
বৰ কন্যা হবিষ্য কৰিবে দিবাভাগে।
ৰজনীত অধিবাস কৰিবাক লাগে॥
বীজ ধান্য পুটলিত জননী বসিব।
কন্যাক আনিয়া তান কোলাত ৰাখিব॥