আপোন দুহিতা মানি, দিব্য মণি মুক্তা আনি,
দিবে পুত্ৰবধূৰ হাতত॥
এহি মতে ভাৱে ভাৱে, মান্য মান্যজন পাৱে,
যথা যোগ্য কৰিব বন্দন।
জাতৰ ননন্দী সঙ্গে, কন্যায়ে মনত ৰঙ্গে,
পাচে যাই কৰিব ভোজন॥
অনন্তৰে সন্ধ্যাকালে, সামগ্ৰী চপায়া ভালে,
ক্ষেভ সভা কৰিতে লাগয়।
পাচে কন্যা মাতৃ বাসি, যতেক আছিল আসি
যাইবে সবে আপোন আলয়॥
আৰু ৰীতি আছে এক, শুনা কহো বন্ধু তাক.
যেবে পাইব অষ্টদিন আসি।
শ্বশুৰ গৃহক লাগি, ঘাইবে বৰ অনুৰাগি,
সভাৰ্য্যে দ্ৰব্যৰ লৈয়া ৰাসি॥
বৰৰ সম্বন্ধি জন, যাইবে সঙ্গে ৰঙ্গ মন,
ভুঞ্জিবাক দিবে অন্ন জল।
পূৰ্ব্বেও পিনাকপাণি, ইকাৰ্য্যক শুভ মানি.
আছৰি আছয় কুতুহল॥
পাছে শাশু হৰ্ষ মনে, সিদ্ধ কৰি তাৰক্ষণে.
চৌষষ্ঠি ব্যঞ্জন সমে অন্ন।
সুবৰ্ণ বাছন ভৰি, ঘমাইক সৎকাৰ কৰি,
স কুটুম্বে কৰাইবে ভোজন॥