লৰালে সন্তানচয়, কুৰুপ কুবুদ্ধি হয়,
নিজ কূল ধৰ্ম্মে গুছে মন।
এতেকে কন্যাৰ মাৱে, আসিয়া সজ্যাৰ ঠায়ে,
ত্ৰি দিনত কৰিবে চালন॥
পাচে কন্যা গৃহ হন্তে, আনি দ্ৰব্য অপৰ্য্যন্তে,
মিষ্টান্ন মোদক নানা মত।
পঞ্চাশ ব্যঞ্জনে অন্ন, কৰি লৈয়া উপসন,
খাইবে সবে বৰৰ গৃহত॥
ভোজনব পূৰ্ব্বক্ষণে, কন্যাএ একান্ত মনে,
সাজ বস্ত্ৰ লৈয়া অনুপাম।
আপোন পিতৃৰ ভাৱে, শ্বশুৰৰ দুই পাৱে
অতী নম্ৰে কৰিবে প্ৰণাম॥
শ্বশুৰে বুলিবে চাই, চিৰঞ্জীবি হোৱা আই
লক্ষ্মীৰূপে থাকা মোৰ ঘৰে।
নকবিব দ্বন্দ্ব গৰ্ব, তোমাতে অৰ্পিলো সৰ্ব্ব,
যসস্বতী হৈব নিৰন্তৰে॥
এতেক আশীষ কৰি, দিবেক অঞ্জলী ভৰি,
দিব্য বস্ত্ৰ মণি মুক্ত চয়।
পাচে কন্যা পূৰ্ব মত, শাশুৰিৰ ছৰণত,
মাতৃ ভাবে বন্দীবে লাগয়॥
জননীও তুষ্ট মনে, শীৰ ঘ্ৰানি ঘনে ঘনে,
অশীৰ্ব্বাদ কৰি নানা মত।