পৃষ্ঠা:নগা কোঁৱৰ.djvu/৩৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


 

পঞ্চম দৃশ্য

লেহেতীয়াৰ ঘৰ।

 [ ৰেণুকাই তৰোৱাল ঘূৰোৱা অভ্যাস কৰি থাকে। তাৰ পিছত তৰোৱাল আৰি থৈ গীত গায় ]

   দিনে দিন দিনে দিন সাৰে বেলা।
     মিছা মোৰ আশা খেলা—
   মৰোঁ যেন আই বজ্ৰ হাণি
     সাধনাৰ মোৰ হলে গ্লানি
      যদি তোমাৰ মৰণ বাণী
       নমৰি-নমৰি-নমৰি-কৰোঁ হেলা!

[ গীত চলি থাকোঁতেই লাহে লাহে লেহেতীয়াৰ প্ৰবেশ ]


 লেহে—কি দুখত এনে বেজাৰ লগা গীত গাৱ আই। কিয় গাৱ? তোৰ এনেকুৱা গীত শুনিলে মোৰ যে নিজৰ কলিজা নিজে কামুৰি খাবৰ ইচ্ছা হয়। এনেহে লাগে যেন শিলত মূৰ আফালি মৰোঁ।

 ৰেণু--তেন্তে আজিৰ পৰা এনে গীত আৰু নেগাওঁ ককাই। কেতিয়াবা মন বেয়া লাগিলে যদি গায়ে তেন্তে তোমাক শুনাই নেগাওঁ।

 লেহে--নহয় গাবি আই। মোক শুনায়ে গাবি। মোক তোৰ এনেকুৱা গীতে মোৰ কৰ্তব্যলৈ উদগণি দিব। মোৰ আচল কৰ্তব্যলৈ যদি ভুলতে কেতিয়াবা আওহেলা হয়, তেন্তে তোৰ গীতে মোক সোৱঁৰাই দিব। তোৰ অন্তৰত যি দুখ আই, তাৰ শতগুণ দুখ মোৰ এই কলিজাত।