পৃষ্ঠা:ধৰ্ম্ম সঙ্গীত.pdf/৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ o ] তেওঁৰ সুন্দৰ মূৰতি নিখি, প্রেমে পূৰ হ’ৱ কলুষিত হিয়া, পান কৰিবাহে স্বৰ্গ-অমিয়া, পুণ্য-বেলি শোভিব হিয়া মাজে৷৷ সংসাৰত ভাই, সাৰ একো নাই, হৰিনাম সাৰ সংসাৰ মাজে। ধন জন মান, নিশাৰ স্বপোন, সকলো অসাৰ তেওঁৰ বাজে ৷ মনৰ এন্ধাৰ দূৰ কৰি দিয়াঁ, পুৰোৱ। ভকতি ফুলেৰে হিয়া, প্রেম ৰূপ সুধা সকলোৰে নিয়া, থাপাহে স্বৰ্গ - পৃথিবী মাজে৷ ১৪১ ।। সমাপ্তোহয়ং গ্রন্থঃ । শিবমস্ত ৷