পৃষ্ঠা:ধৰ্ম্ম সঙ্গীত.pdf/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ ৩৬ ] প্ৰভু তোমাৰ কাৰণে, কান্দিছে ই হিয়া ঘনে অতি শোকাকুল মনে, ব্যাকুল মাতত ৷৷ মুঠতে এবাৰ মই, চাম হেপাহ পলাই, ধৰিম সাবটি প্রভু মই হে তোমাক ॥ শকত প্ৰেম-ফইৰে, বান্ধিম তোমাক “জোৰে,” পাৰ। যদি যাবা প্রভু, — মজিম তোমাত ॥ ৮০৷৷ 1 ৰাগিণী মিশ্ৰ মল্লাৰ-তাল রূপক । বতাহ বলিছে জুৰ, লাহে লাহে । বুকুত প্ৰভু তোমাৰ প্ৰেম হে ॥ পাপ তাগ গল উড়ি তাৰ লগে, মন আজি গ'ল সুখে তল ॥ আকুল মাতেৰে গাইছে গান, চাই আছে তব মুখ-পদ্মফুল পাপ-চিয় ৰণি, ই দুখৰ পোৰনি, গ'ল মাৰ আজি প্ৰভু হিয়াতে। অসীম আকাশে, হলোঁ উধাও হে, বিষয় চিন্তা পাহৰি সবাকে ৷ ই ঠেক পৃথিবীক, এন্ধাৰে আবৰিলে, এন্ধাৰত মন নেথাকে আৰু ॥ ভোল হলে৷ মই জ্ঞান বুদ্ধি নাই, পাই তোমাৰ সেই প্ৰেম চাক ॥ ৮১ ৷৷