পৃষ্ঠা:ধৰ্মপক্ষী.pdf/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আগকথা

 প্ৰাচীন ভাৰতীয় সাহিত্য বিশাল, ব্যাপক আৰু বৈচিত্ৰময়। ইয়ে ভাৰতীয় সভ্যতা-সংস্কৃতিৰ ধ্বজা বহন কৰিছে। অসম দেশ প্ৰাচীন সাহিত্যত চহকী। অসমৰ প্ৰলয়ংকাৰী যুগৰ পৰা উত্তৰ শংকৰী যুগলৈকে অসমীয়া সাহিত্যৰ বিস্তৃত আৰু সুগভীৰ পৰিমণ্ডলত কবিসকলে ৰামায়ণ, মহাভাৰত, ভাগৱত আৰু পুৰাণ সমূহক আশ্ৰয় কৰি ভিন্ন ৰুচিসম্পন্ন সাহিত্য ৰচনা কৰিছে। ইয়াৰ মাজেৰে অসমৰ সামাজিক, সাংস্কৃতিক, অৰ্থনৈতিক, পাৰিবাৰিক, প্ৰাকৃতিক, ৰাজনৈতিক ইত্যাদি বিভিন্ন দিশ প্ৰতিফলিত হোৱাৰ লগতে লেখক সকলৰ সৃজনী শক্তিৰো পৰিচয় পোৱা গৈছে। তদুপৰি এই শ্ৰেণীৰ সাহিত্যই পাঠকক আপ্লুত কৰি নৈতিক আৰু আধ্যাত্মিক জ্ঞানেৰেও পৰিপুষ্ট কৰি তুলিছে।

 অসমৰ অন্যতম লোক কলা ওজাপালি অনুষ্ঠানৰ বিশিষ্ট অংগ ডাইনাপালিৰ ভাৱত অৱতীৰ্ণ হৈ অসমৰ ইমুৰৰ পৰা সিমুৰলৈ খলকলি তোলা বিচক্ষণ ডাইনাপালি শ্ৰীপ্ৰভাত হালৈ এগৰাকী সাহিত্যৰচক হিচাপে সমাদৃত। তেৰখন পুথি ৰচনাৰে অসমীয়া সাহিত্যক সমৃদ্ধিশালী কৰি তোলা হালৈয়ে পুৰাণ শাস্ত্ৰ, বিশেষভাৱে ব্ৰহ্মবৈৱৰ্ত্ত পুৰাণ অধ্যয়ন কৰি ‘ধৰ্মপক্ষী’ শীৰ্ষক পুথিখন যুগুত কৰিছে। পুথিখনৰ পাণ্ডুলিপিটো আমাৰ চকু ফুৰাই চোৱাৰ