পৃষ্ঠা:ধৰ্মপক্ষী.pdf/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

লিখকৰ দুষাৰ

 ধৰ্মপক্ষী মাৰ্কণ্ডেয় পুৰাণৰ এটি বিশেষ অধ্যায়। মোৰ ওজাপালী জীৱনত প্ৰায় পঞ্চাশ বছৰ মই এই ধৰ্মপক্ষীৰ কাহিনী বহুলভাবে প্ৰচাৰ কৰিছো। যদিওবা ওজাপালী পদত ধৰ্মপক্ষীৰ কাহিনী প্ৰচাৰ কৰিছিলো, এইখন ধৰ্মপক্ষীৰ কাহিনীভাগত আন কিছু পুৰাণৰ অংশ সন্নিবিষ্ট কৰি কাহিনীভাগ বেছি জ্ঞানপুষ্ট আৰু মনোগ্ৰাহি কৰি তোলা হৈছে। ধৰ্মপক্ষীৰ কাহিনীত মানৱ জীৱনত প্ৰয়োজনীয় বহু জ্ঞান, নীতিগত আদৰ্শ, ঋপু দমনৰ দৰে উপদেশ ধৰ্মপক্ষীয়ে দান কৰিছে। কিতাপখনৰ পাণ্ডুলিপিতো চকু ফুৰাই দিয়া বাবে শ্বহীদ স্মৃতি মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা ড° দিক্ষীতা দেৱীক আন্তৰিক অভিনন্দন জনাইছোঁ। কিতাপখনৰ পদুলিতে নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি মাননীয় ডাঃ বিপিন কলিতাদেৱে দিয়া মূল্যবান শুভেচ্ছাবাণী, নলবাৰী জিলা মুক্তি যুজাৰু সন্থাৰ সভাপতি শ্ৰীযুত নৰেন্দ্ৰ নাথ হালৈ দেৱে দিয়া শুভেচ্ছাবাণীৰ বাবে দুয়োজনলৈ মোৰ আন্তৰিক শ্ৰদ্ধা নিবেদিছোঁ।

 কিতাপখনৰ কাহিনীয়ে আমাৰ অন্তৰৰ অজ্ঞানতা দুৰ কৰাৰ ক্ষেত্ৰত কিছু পৰিমানে হলেও সহায়ক হলে মোৰ পৰিশ্ৰম সাৰ্থক হ’ব বুলি মই সান্তনা লভিব পাৰোঁ।


ইতি
লিখক