পৃষ্ঠা:ধৰম গিত.djvu/৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭২
খ্ৰিষ্টলৈ পাপিৰ প্ৰাৰ্থনা।

ত্ৰান কৰা, ত্ৰান কৰা মোক,
গুচুআ মোৰ অতি সোক;
সেসত গুচাই মহা সাপ
খেমা কৰা সকল পাপ।  ব.দ.

৬০

Prayer for Salvation.
Redeeming Love. 7,

হে য়িচু ধৰ্মাৱতাৰ,
পাপি আমাক দি নিস্তাৰ,
 এৰুআ নৰ্কৰ জাতনা;
কৰা ধৰম আত্মা দান,
দিয়া আমাক পৰম গিয়ান,
 দুৰ কৰা কুমন্ত্ৰনা।

আমাৰ কৰ্মৰ প্ৰতিফল
নৰকৰ অসেস অনল,
 সাৰিম কেনে সাধনা;
কৰিলোঁ অসিমা পাপ,
জোগ্য হৈচোঁ প্ৰভুৰ সাপ,
 য়িচু কৰা সান্তনা।  ন.ব.