পৃষ্ঠা:ধৰম গিত.djvu/৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৬
খ্ৰিষ্টৰ উঠান।

মেলা স্বৰ্গৰ দুআৰ বহল,
 চিৰস্থায়ি দিপ্তিমন্ত;
দঙ্গা হওক কপাট সকল,
 সোমাওক ৰাজ মহিমাৱন্ত।

কোন এই ৰজা সক্তিমান?
 পৰাক্ৰমি সৈন্য ইস্বৰ;
মৰিল জি প্ৰভু মহান,
 তেঁৱেই ৰজা সৰ্বোপৰ।  ন. ব.

৫৫

“ Hosanna to the Prince of light."
Rochester. C. M.

জই হওক জি ৰজা জোতিমই
 পিন্ধিলে মৰ্ত্যৰ বেস,
মৰনৰ ভাঙ্গি লোৰ দুআৰ
 তেঁও কৰিলে প্ৰবেস।

ভয়ানক ৰজা ম্ৰিত্যুলৈ
 ন কৰোঁ আৰু ডৰ,
তাৰ হুল কাৰ্হিলত নৰ্কৰ জই
 গুচিলে নিৰন্তৰ।