পৃষ্ঠা:ধৰম গিত.djvu/৪১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে


নি জানিবা। তেতিয়াৰে পৰা য়ানে সুভ বাত্ৰাৰ কথা থিৰ ৰুপে সুনোঁ‌তা হল; তেও সেই লৰা এনে অগিয়ানি আচিলে, জে উপদেসৰ কথা একো বুজিব নোআৰিচিল। পাচে সেই তিৰোতাই আপুনি ন জনাৰ কাৰনে তাক আৰু সিকাব নোআৰি আপোনাৰ প্ৰচাৰ তালৈ লৈ গৈ কলে, হে প্ৰিয় প্ৰচাৰক, আমাৰ চুবু- ৰিয়াৰ ঘৰত থকা এই সৰু লৰাটক তোমাৰ এখেলৈ আনিচোঁ‌; ই আপোনাৰ পাপলৈ মনত খেদ কৰি আৰু সান্তনা নে পাম বুলি ভাবনা কৰিচে; এই সৰু মাউৰা লৰাটিক লওক, আৰু ধৰমৰ কথা সিকাওক। পাচে প্ৰচাৰকে লৰাটক ললে, আৰু মই ইয়াক ধৰ- মৰ কথা সিকাম বুলি সেই তিৰোতাত কলে; আৰু প্ৰচাৰকে য়ানকো এই বুলি কলে, ইস্ব- ৰৰ দায়াৰে তোমাৰ পাপ আৰু ভয়ৰ পৰা একে বেলিএ জেন ৰখ্যা পাব পাৰা, এনে এক উপাইৰ কথা মই তোমাক জনাব পাৰোঁ। পাচে আৰু বাৰ তাক কলে, বুধ আৰু সনি- বাৰৰ দিনা গধুলি পৰত তুমি মোৰ ইয়ালৈ