পৃষ্ঠা:ধৰম গিত.djvu/৪১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 জেতিয়া এই কথাবিলাক য়ানৰ মনত ক্ৰমে বৰকৈ লাগিল, তেতিয়াৰে পৰা য়ানে বিয়াকুল হৈ পৰিত্ৰানৰ পথ সিকি আৰু বাৰ সপত নে খাবলৈ মনত থিৰ কৰিলে; তথাপি সেই মন্দ আচৰনৰ এইমান সক্তি আচিলে, জে সি সপত নে খাবলৈ মনত থিৰ কৰিও বাৰে বাৰে সপত খোআত, পিতৰে জি কথা আগৈএ কৈ- চিলে, সেই কথা গুনেই য়ানৰ মনত বৰ ভই বৰ্হোআৰ গুন হল।

 জি এজনি ভাল তিৰোতাই আগৈএ য়ানৰ মন্দ আচৰন দেখি তাক ডাঁটি কৰিচিলে, সেই তিৰোতাই য়ানক এদিনা ভাবনা কৰি সোককৈ বহি থকা দেখি সুধিলে, প্ৰিয় য়ান, তোমাৰ কি হৈচে? পাচে সি কলে, মই বৰ অধৰমি হৈচোঁ‌, আৰু মই সুনিচোঁ, অধৰমি লোক সক- লক দণ্ড দিব, ইয়াতে মোৰ মনত বৰ ভই সোমাইচে। এই কথা শুনি সেই তিৰোতাই আপুনি জিমান জানে, তিমান সিকালে; আৰু তাক কলে, তুমি গিৰ্জা ঘৰলৈ গৈ ইস্বৰৰ কথা

সুনা, তাতে তুমি কি কি কৰিব লাগে, আপু-

ক ৩