সমললৈ যাওক

পৃষ্ঠা:ধৰম গিত.djvu/৩৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মে এখান জাহাজত উঠিলহি। বৰ সাগৰত আহোঁতে বাৰে বাৰে ধুমুহা বতাহ বৰখুনত বেলিও নে দেখে, আৰু মাটিকো দেখিবলৈ নে পাই, এই দৰে চাৰি মাহৰ মুৰত ইস্বৰে নিৰ্বিঘিনি ৰুপে কলিকতা পোআলে। তাতে ১৫ দিন মান থাকি নাও বিচাৰি পাই ব্ৰহ্ম- পুত্ৰ নদিত তিনি মহি উজাই আহি, অচম দেসৰ জইপুৰ জিলাত থকা মিস্যনেৰি চাহা- বৰ লগ পালেহি।

 তাতে সিবিলাকৰ লগত এবচৰ মান থাকি অচম ভাসা সিকিলে, পাচে সিৱসাগৰ জিলাত থাকিবলৈ উঠি আহিল। তাতে বঙ্গলা এটা সাজি লৰাবিলাকক ইস্কুলত চপাই, জি ৰুপ চাপা খানাৰ কিতাপ ইয়াত কোনেও সিকা নাই, এনে কিতাপ পৰ্হাই সুনাই সিকালে। সিৱসাগৰত এবচৰতকৈ অধিক আচিল; পাচে জইপুৰত থকা দুজন মিস্যনেৰি চাহাব আহিলত তেঁও ১৮৪২ সঁকত গুআহাটিত থাকিবলৈ থানান্তৰ হৈ গল; তাতে লৰা তিৰোতাই সৈতে ৭ বচৰ মান থাকিল।

ক ২