পৃষ্ঠা:ধৰম গিত.djvu/৩৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬


 মা। ভাল আই, তায়ে সৈতে তোমাৰ কি কথাৰ আলাপ হৈচিল?

 জি। আন আন কথা বাত্ৰা হলত পাচে মই তাইত কলোঁ, হেৰা তাৰা, তোমাত এটি কথা সোধোঁ, ইস্বৰ জে আচে তেঁও কেনেকুআ? তাতে তাৰাই বোলে, তাক মই নে জানোঁ।

 মা। তাৰ পাচত আৰু কিবা সুধিচিলা নে?

 জি। মোৰ কিতাপৰ ভিতৰত এঠাইত পৰ্হিব দিলোঁ, তাই বুলিলে, লিখিব পৰ্হিব নে জানোঁ।

 মা। তাতে তুমি কি বুলিলা?

 জি। মই অলপ মনি হাঁহিলোঁ।

 মা। আই, তুমি সেই কৰমটো ভাল কৰা নাই; চোআচোন, তুমি জি লিখা পৰ্হা সিকিচা, তাতে মনে মনে আনন্দ কৰা ভাল; কিন্তু তাৰাই জে তোমাৰ দৰে নি সিকে, তাতে আনন্দ কৰা ভাল ন হই। ভাবি চোআ, লোকৰ দুখ দেখিলে হাঁহিব নে লাগে, খেদহে কৰিব লাগে। হে আইটি, তুমি জে ন জনা লৰাৰ নিচিনা এনেকৈ হাঁহিচিলা, এই কাৰনে