পৃষ্ঠা:ধৰম গিত.djvu/৩৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪

 জি। নাই আই, মানুহৰ তেনে ইচা নাই।

 মা। তেনে ইচা কিয় ন হই?

 জি। কুমতিৰ কাৰনে।

 মা। তেন্তে সুমতি হবৰ উপাই কি?

 জি। ইস্বৰত প্ৰাৰ্থনা কৰা।

 মা। কেনেকৈ ইস্বৰে সুমতি দিএ?

 জি। তেঁও ধৰম আত্মা দি মন ভাল কৰে, তাতে সুমতি হই।

 মা। ইস্বৰলৈ প্ৰাৰ্থনা কেনেকৈ কৰিব লাগে, মোৰ আগত কৰি সুনুআচোন।

 জি। হে ইস্বৰ, তুমি জগতৰ স্ৰজন কৰ্তা, আৰু প্ৰতিপালন কৰ্তা, মই পাপ কৰম কৰিলোঁ, আৰু মোৰ মনো অসুধ; হে, ইস্বৰ, দায়া কৰি খ্ৰিষ্টৰ মৰনৰ দোআৰাই মোৰ পাপ খেমা কৰা, আৰু ধৰম আত্মা দি মোৰ মন সুচি কৰা; মোকো আৰু সকলোকে ৰখ্যা কৰা; খ্ৰিষ্টৰ নামেৰে তোমালৈ এই প্ৰাৰ্থনা কৰিচোঁ।

 মা। ইস্বৰ, আৰু য়িচু খ্ৰিষ্ট, আৰু পবিত্ৰ আত্মা, তুমি এই তিনি নাম ললা, ইবিলাক বেলেগ বেলেগ নে?