পৃষ্ঠা:ধৰম গিত.djvu/৩৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 মা। তেঁও নো সকলোৰে হিত কৰে নে?

 জি। হই আই, হিত কৰে, কিয়নো তেঁও আপুনি প্ৰেম স্বৰুপ।

 মা। তেঁও নো তোমাক দেখিচে নে?

 জি। অকল মোকে দেখিচে, এনে ন হই, তেঁও সকলোকে সদাই দেখি আচে।

 মা। তেঁও নো তোমাৰ মনৰ কথা জানে নে?

 জি। হই, জানে।

 মা। তোমাৰ খোআ, পিন্ধা বস্তু কোনে দিএ?

 জি। ইস্বৰে দিএ।

 মা। ইস্বৰত পাপ আচে নে?

 জি। আই, ইস্বৰত পাপ নাই কিয়া, তেঁও নিস্পাপি।

 মা। ইস্বৰে কোন বস্তুক ঘিন কৰে?

 জি। অকল পাপকহে মাথোন ঘিন কৰে।