পৃষ্ঠা:ধৰম গিত.djvu/৩৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৮২

বাৰ হৈচিল, সেই দিন দুপৰৰ সময়ত হেনৰিএ এই কুচিত জগতৰ পৰা মুকুত হৈ, স্বৰ্গৰ ধামলৈ নিয়া হল; আৰু ম্ৰিত্যুৰ জাতনাৰ মাজতো তাৰ মন অতি থিৰে থাকিলে। “তেনে পৰমাৰ্থিকৰ ম্ৰিত্যুৰ নিচিনা আমাৰ ম্ৰিত্যু হওক, আৰু আমাৰ সেস গতি তাৰ গতিৰ নিচিনা হওক”। গননৰ পুথিৰ ২৩ আধ্যাৰ ১০ পদ।

 বেৰন চাহাব, আৰু বেৰন মেম, আৰু বেহেৰা, ইবিলাক সেস কাললৈকে তাৰ লগত আচিল, আৰু বেৰন চাহাবে সোক কৰি তাক মৈদামত থবলৈ নিয়াত তাৰ পিছে পিচে গল।

 অলপ দিনৰ পাচত হেনৰিৰ মাকে তাৰ ওপৰত মৈদাম বান্ধি, তাতে তাৰ নাম, অৰু বয়স এই ৰুপে লিখিলে।

সোঁৱৰনৰ নিমিতে।
সৰু হেনৰিৰ এই মৈদাম বন্ধা হল।
তাৰ বয়স ৮ বচৰ, আৰু ৭ মাহ।
“জি জনে মোক নিমন্ত্ৰন কৰিচে, তেঁৱে বিস্বাসি”
  প্ৰথম থেচলনিকি ৫ আধ্যাৰ ২৩ পদ।