পৃষ্ঠা:ধৰম গিত.djvu/৩৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৮১

কথা হল, তেঁওৰ অমুল্য প্ৰান নৰকৰ পৰা ৰখ্যা কৰাৰ নিমিতে কৈচিল। হেনৰিৰ খোঁটালিৰ পৰা ওলালত তেঁওৰ চকু ক্ৰন্দনতে উখহি পৰিল, আৰু তেঁওৰ হাতত হেনৰিৰ সৰু সাস্ত্ৰ, জি আগৈএ সদাই খাটৰ ওপৰত সি ওচৰতে ৰাখিচিল, তাকে এতিয়া তেঁওক দিয়া হল। হেনৰিৰ মাক আপোনাৰ খোঁটালিত গৈ, দুআৰ বান্ধি, জেতিয়ালৈকে হেনৰিৰ ম্ৰিত্যুৰ বাত্ৰা নু সুনিলে, তেতিয়ালৈকে তাতে কোনেও নে দেখাকৈ থাকিল। সেই দিনৰে পৰা আগৰ দৰে সংসাৰিক সুখলৈ মন নি দি, ৰঙ্গ ধেমালিও এৰি, সৰু হেনৰিৰ সাস্ত্ৰ নিতৌ নিতৌ পৰ্হি থাকে।

 এতিয়া তেঁওৰ কথা এৰি, পুনৰাই হেনৰিৰ কথা লিখোঁ। জি লোকে ম্ৰিত্যুৰ নিমিতে ভাবি আনন্দ পাই, সেয়ে অতি অলপ; কিন্তু ম্ৰিত্যুৰ কালত সাধু লোকে জি আনন্দ আৰু ঔস্বৰ্জ পাই, তাক নিচেই বুজিব নোঅৰা লোক অনেক অনেক আচে। সিহঁতলৈ ম্ৰিত্যুৰ কথা কেৱল দুখ দিঁওতাহে হই, এই নিমিতে মোৰ বিবৰন বেগতে সমাপ্ত কৰোঁ। পাচৰ দিন দেও-