পৃষ্ঠা:ধৰম গিত.djvu/৩২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৬৬

কাৰনেহে আমি বৰকৈ চিন্তা কৰি আচোঁহঁক; আৰু অতি খৰকৈ আমি সকলোএ তাৰ নিমিতে উপাই চিন্তিব লগা উচিত।

 পাচে বেৰন মেমৰ চকুৰ পানি ওলাবৰ দেখি, হেঁনৰিএ কলে, হে মোৰ প্ৰিয় বেৰন মেম, নে কান্দিবা; আমি সকলোএ মৰিম, আৰু তুমিও জানা, আমি ই সি সকলোবোৰ নিচয়ে মৰি জামহঁক। কিন্তু জি সকলে প্ৰভু য়িচু খ্ৰিষ্টক প্ৰেম ভক্তি কৰে, সেই সকলে ম্ৰিত্যুত অতি আনন্দ পোআহে হই।

 তাকে সুনি হেনৰিৰ মাকে কলে, হে মোৰ প্ৰিয় লৰা, মৰনৰ কথা তুমি কি কৈচা? তুমি ৰখ্যা পাবা, আৰু দেসৰ সোধ পোচ কৰা গৰাকি হৈ, তোমাৰ দোলাৰ আগত সাতোটা টেকেলা লৰিবৰ দেখিম।

 হেনৰিএ বুলিলে তেনেলৈ মই ইচা ন কৰোঁ।

 বেৰন মেমে হেনৰিলৈ চাই ঘনে ঘনে অসন্তোস কৰি, কিচুমান বেলিলৈকে একো কব নোআৰিলে, আৰু মনকো থিৰ কৰিব নোআৰিলে। পাচে কিচুমান পানি খালত