পৃষ্ঠা:ধৰম গিত.djvu/৩২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৬৫

ঘাম হৈচিল। কিন্তু সিহঁতে খৰকৈ পাবলৈ অধিক জতন কৰিলেও, বৰ্হমপুৰ পোআৰ আগৈয়ে লৰা অতি আসকতিয়া হৈ গল। এদিনৰ বাট থকাতে, হেনৰিৰ মাকে বেৰন মেমৰ তলৈ পত্ৰ দিবৰ নিমিতে আপোনাৰ এটা চাকৰ পঠাই দিলে, আৰু পাঁচ দিন নাও পল্টনৰ ঘাট পোআতে, বেৰন মেমে আপোনাৰ পালকি জুগুত কৰি পাৰত থিয় হৈ, সিহঁতক আপোনাৰ ঘৰলৈ নিবৰ কাৰনে বাট চাই আচিল। নাৱৰ চিৰি বামত দিয়া হলত, তেঁও পালকিৰ পৰা ওলাই একে বেলিয়ে নাৱত উঠি গৈ, হেনৰিক কোলাত লৈ কলে, অস! মোৰ প্ৰিয় লৰা; আৰু তেঁওৰ হেনৰিক দেখি এনে আনন্দ হল, তাতে তেঁও একো কবই নোআৰিলে। পাচে তালৈ থিৰ হৈ চাই তাক নৰিয়া দেখি, তেঁওৰ আনন্দ তেতিখ্যনে গুচিল; আৰু হেনৰিৰ মাকত সুধিলে, হে প্ৰিয় মেম চাহাব, হেনৰিৰ নো কি হৈচে? সি বৰ নৰিয়াৰ নিচিনা দেখিচোঁ!

 হেনৰিৰ মাকে কলে, হই, তাৰ নৰিয়াৰ