পৃষ্ঠা:ধৰম গিত.djvu/২৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৩১


ৰাতি জিমান বেলি সাৰ পাই থাকা, তে- তিয়াও প্ৰাৰ্থনা কৰা তোমাৰ উচিত হই। হে মোৰ প্ৰিয় লৰা, জিবিলাকে প্ৰভু য়িচু খ্ৰিষ্টক প্ৰেম কৰে সিবিলাকেই ধন্য, কিয়নো সত্য আত্মা সিহঁতলৈ প্ৰকাস হব; আৰু সিহঁতৰ লগতে বাস কৰিব, আৰু সিহঁতৰ ভিতৰতো থাকিব। য়োহানে লিথা ১৪ আধ্যাৰ ১৭ পদ।

 তেতিয়া মেম চাহাবে আপোনাৰ খোঁটালিৰ দুআৰ জঁপাই, তেঁও আৰু সেই সৰু লৰা দুয়ো আঁঠু কাৰ্হি, ইস্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিলে, জেন পৰম ইস্বৰে আপোনাৰ প্ৰিয় পুত্ৰৰ নিমিতে এই লৰাৰ ভিতৰত নিৰ্মল মন স্ৰজন কৰে, আৰু সুধ আত্মা তাৰ মাজত থাপ- না কৰে। দাৱিদৰ ৫১ গিত ১০ পদ। পাচে মেম চাহাবে আঁঠু পৰাৰ পৰা উঠি, চকুৰ পানিৰে পুৰ হৈ, হেনিৰিক চুমা দি কলে, বোলে, অলপ দিনৰ মাজতে মই তোমাক এৰি জাব লাগিব।

 হেনৰিএ এই কথা সুনি, প্ৰথমে একো