পৃষ্ঠা:ধৰম গিত.djvu/২৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৩০

মাতে, তেতিয়া মই বৰ সন্তোস পাইছিলোঁ‌, আৰু সৰু সৰু জিৱবিলাকলৈ, আৰু ফৰিঙ্গ, পইতা চোৰাবিলাকলৈ মই কিমান নিৰ্দয়া আচিলোঁ, তাক আপুনি নে জানে। জেতিয়া মই সেইবিলাক ধৰিব পাৰিচিলোঁ, তেতিয়া মই আপুনি সন্তোস পাবৰ নিমিতে সিহঁতক মাৰি পেলাইচিলোঁ। কিন্তু এতিয়া মই বুজিচো, মোৰ মন অলপ মান পালটিচে। কিয়নো মোৰ কালি অনা সকলে মিঠই মই এটা দুখিয়া লৰাকহে দিলোঁ‌। এতিয়াও মোৰ মন সুধ ন হই, কিন্তু পৰম ইস্বৰৰ ইচা হলে, তেঁও তাক সুধ আৰু নিৰ্মল কৰিব পাৰে।

 মেম চাহাব। হে মোৰ প্ৰিয় লৰা, ইস্বৰে জেন তোমাৰ মন মুধ আৰু নিৰ্মল কৰি, আপোনাৰ ধৰম আত্মাক তোমাৰ ৰিদয়লৈ পঠাব, আৰু তোমাৰ সকলো কাৰ্জতো তেঁও জেন তোমাক ধৰম পথ দেখাই তাতে তোমাক চলাব, এই নিমিতে নিতৌ নিতৌ প্ৰাৰ্থনা কৰা। দিনৰ মাজতো অনেক বেলি, আৰু