পৃষ্ঠা:ধৰম গিত.djvu/২৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩

মনত অতি দুখ হৈচিল; আৰু তেঁওৰ জোআৰ অলপ দিনৰ আগৈএ জি বথা তাক সিকাইচিল তাৰ কাৰন সুধিলে, আৰু পাৰে মানে ধৰম পুথিৰ পৰা উতৰ দিবলৈ কলে।

 মেম চাহাবে প্ৰথমে সোধা কথা এই; ইস্বৰ কেই জন আচে?

 হে। কেৱল এজন ইস্বৰ, তেঁওত বাজে ইস্বৰ নাই। মাৰ্কে লিখা ১২ আধ্যাৰ ৩২ পদ।

 মে। সেই এজন ইস্বৰকে জে তিনি জন বোলে, ইয়াকে তুমি বিশ্বাস কৰা নে?

 হে। স্বৰগে প্ৰমান দিওতা জি তিনি জন আচে, পিত্ৰি, আৰু বাক্য, আৰু পবিত্ৰ আত্মা, এই তিনি জনেই এজন। য়োহানৰ প্ৰথম পত্ৰ ৫ আধাৰ ৭ পদ।

 মে। বাক্য, এই সব্দৰ অৰ্থ কি?

 হে। বাক্যেই প্ৰভু য়িচু খ্ৰিষ্ট

 মে। ইয়াকে তুমি ধৰম পুথিৰ পৰা

সিকিচা নে?

খ ২