পৃষ্ঠা:ধৰম গিত.djvu/২৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

২৪


 হে। হই, কিয়নো য়োহানে আপোনাৰ সুভ বাৰ্তা প্ৰথম আধ্যাৰ প্ৰথম পদত কৈচে; "আদিতে বাক্য আচিল, বাক্য ইস্বৰে সৈতে আচিল, আৰু বাক্যেই আপুনি ইস্বৰ”; তেঁৱে জগতৰ মাজত থাকিল, আৰু তেঁওৰ দোআৰাই জগত স্ৰজন হৈচিল, কিন্তু জগতে তেঁওক নে জানিলে।

 মে। ইস্বৰে মানুহক আদিতে নিস্পাপিকৈ স্ৰজন কৰিলে নে?

 হে। হই কৰিলে, কিয়নো আদি পুথিৰ প্ৰথম আধ্যাৰ সেস পদত লিখা আচে; “ইস্বৰে জিহকে স্ৰজন কৰিচিল, সেই সকলোৰে ওপৰত দ্ৰিষ্টি কৰি চালে, আৰু দেখিলে সেয়ে উতম”।

 মে। এতিয়া সকলো মানুহ নিস্পাপি হৈয়ে আচে নে, আৰু মোক এনে এটা মানুহ দেখাব পাৰা নে?

 হে। ধৰম পুথিৰ পৰা এই কথাৰ উতৰ দিবলৈ প্ৰয়োজন নাই; কিন্তু তোমাৰ লগত পাল‌্কিত উঠি , বজাৰলৈ গৈ, সকলো মানুহক দেখাবলৈ মোৰ উচিত হই; আমি