পৃষ্ঠা:ধৰম গিত.djvu/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২
খ্ৰিষ্টৰ স্তুতি।

কৰা তেঁওত প্ৰেম ভক্তি,
তেহে পাবা মুক্তি,
প্ৰভু য়িচু অতি
 আমাৰ ইষ্ট।

ধৰা হে স্তুতি গান,
তেঁৱে পাতিচে কান
 দায়া কৰি;
তেঁও প্ৰভু দায়ামই,
কৰা জানি আস্ৰই,
সেসে পাপ কৰি জই
 জাবা তৰি।

ধৰা হে স্তুতি গান,
ভুলোকো ওপৰ থান
 প্ৰভুক এই খেন;
তেঁওহে সকলো সাৰ,
বিনে তেঁওত নাহি আৰ,
ত্ৰান কৰে তেঁও সংসাৰ,
 বোলা আমেন।  ন. ল.