পৃষ্ঠা:ধৰম গিত.djvu/২৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

‍১০

নোআৰাত তেঁও বৰ চিন্তা কৰিলে, তথাপি তেঁও তাত একো আমনি পোঅ ন হল। নক্‌চা দেখুআই তাৰ ইংৰাজি নাম কোআৰ দোআৰাই তাক অনেক ইংৰাজি কথা সিকালে। এই দৰে অলপ দিনৰ মাজতে আপোনাক লগা সকলো বস্তু হেনৰিএ ইংৰাজি কথাৰে খুজিব পৰা হল। তাৰ পাচত সেই মেমে এটা সৰু কিতাপেৰে হেনৰিক আখৰ সিকাবলৈ ধৰিলে। পাচে আখৰ চিনিলত বাৰে মতৰা সিকালে, আৰু তাৰ কাৰনে অধিক স্ৰম কৰি, সি চই বচৰ বয়সিয়া হোআতে ইংৰাজি ভাসা পৰ্হিব আৰু কব পৰা হল।

 সেই ৰুপে তেঁও মুখেৰেই কথা সিকাই সিকাই থাকোঁতে, ধৰম সাস্ৰৰ জি গিয়ানৰ বাহিৰে কোনেও পৰিত্ৰান পাব নোআৰে, আৰু সৰু লৰাবিলাকক সিকাব লগা জি প্ৰয়োজন, সেই সকলোকে সিকালে। আৰু হেনৰিএ ধৰম পুস্তক পৰ্হা সমই জি সিখ্যা দিব লগিয়ালৈকে তাক তেঁও এফেৰিও পলম বা হেলা ন কৰিলে। প্ৰথম পাঠ জিহকে তেঁও তাক সিখ্যা দিলে সেয়ে