পৃষ্ঠা:ধৰম গিত.djvu/২৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বেহেৰৰ আঁঠুৰ মাজতে হেনৰিক বহিবৰ দেখি, সেই মেমে তাক বৰ চেনেহ কৰি তাৰ কাৰন জানি অধিক অসন্তোসো পালে, কিয়নো ইস্বৰক ন জনা জি সকল মানুহ, সিবিলাকৰ মাজত এৰা হবলৈ এয়ে অতি দুখৰ কথা। এই কাৰনে সেই মেমে কেতবোৰ সুন্দৰ নক্‌চা খোঁটালিৰ সমুখে দুআৰৰ ওচৰৰ দলিচাতে থলে। হেনৰিএ প্ৰথমতে জুমি চাই নক্‌চা দেখি খোটাঁলিলৈ জাব খুইচিল, কিন্তু বেহেৰাক এৰি জাবলৈ ইচা ন কৰিলে। জেতিয়াৰ পৰা মেমক অলপমান চিনিলে, তেতিয়া বেহেৰা দুআৰত বহিলেই সি ভিতৰলৈ জাই। পাচত সকলো ভই তিয়াগ কৰি, হেনৰিএ ভিতৰলৈ অকলে জাব ধৰিলে, আৰু তেঁও মেমৰ লগ পাই তাৰ জিমান আনন্দ হৈচিল, এনে আনন্দ কেতিয়াও ন হল। সেই লৰাই জেন তেঁওক প্ৰেম কৰে, আৰু সেই প্ৰেমৰ দোআৰাই জেন তেঁও তাৰ মাকৰ লগত থাকোঁতেই তাক সিকাবলৈ চল পাব, এই কাৰনেও, মেমে অনেক জতন কৰিছিল। কিন্তু লৰাটিএ ইংৰাজি কব

ক ৪