পৃষ্ঠা:ধৰম গিত.djvu/২৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

২ আধ্যা।

 এই দৰে হেনৰিৰ চাৰি পাঁচ বচৰ বয়স গলত জি মেমৰ ঘৰত আচিল, তেঁওক আই বুলি মাতিবলৈ দিলতো, তেঁও তাৰ নিমিতে মন নি দিলে; আৰু সেই মেমে লৰাক ধৰমৰ কথা সিখ্যা দিবলৈ উচিত জেন নু বুজিলে। এই নিমিতে হেনৰিএ তাৰ বেহেৰাক আৰু আন আন লোকবিলাককো পূজা কৰা, কাঠৰ মাটিৰ প্ৰতিমা সাজি লৈ জোআ, আৰু আপোনাৰ মাকক কেতিয়াবা কেতিয়াবা দানাপুৰৰ গিৰ্জা ঘৰলৈ জাবৰ দেখি, সি আপোনাৰ মনতে বুজিলে জে অনেক ইস্বৰ আচে; আৰু জি ইস্বৰক তাৰ মাকে দানাপুৰত সেৱা কৰে, সেই ইস্বৰ তাৰ বেহেৰাৰ কাঠৰ, সিলৰ বা মাটিৰ প্ৰতিমাতকৈ ভাল ন হই, আৰু গঙ্গা নদি এটা দেবি, তাৰ জলৰে পাপ গুচুআ হই, আৰু মচলমানবিলাকৰ মত, খ্ৰিষ্টিয়ান লোকৰ মতৰ নিচিনা ভাল বুলি জানিলে, কিয়নো তাৰ মাকৰ চাকৰ এটা তাক এই ৰুপে

ক ৩