পৃষ্ঠা:ধৰম গিত.djvu/২৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

চিল। সেই লৰাও বয়সত বাৰ্হি, বেহেৰাক জগতৰ সকলোতকৈ অধিক প্ৰিয়তম বুলি মানিলে; এয়ে বৰ আচৰিত ন হই কিয়নো সেই বেহেৰায়েহে অকল তাৰ বন্ধু আচিল, তাত বাজে আন কোনেও তাৰ কাৰনে অধিক কাৰ্বাৰ ন কৰিলে। হেনৰিএ ইংৰাজি ভাসা কব নোআৰিচিল, কিন্তু সহজ ৰুপে বেহেৰাৰ ভাসাৰেহে কই আৰু ভাল বেয়া জিহকে হিন্দু লোকবিলাকে কই, সেই সকলোকে হেনৰিএ বুজিব পাৰিচিলে। সি পিৰালিতে বেহেৰাৰ আঁঠুৰ মাজত বহি, তামোল আৰু বজাৰৰ মিঠই খাই। আৰু সি জোতা মোজা নি পিন্ধে অকল পাইজেমাহে পিন্ধে; তাৰ ভৰিত ৰুপৰ নেপুৰ আচিল। তাৰ অচিৰনক দেখি, কথা সুনি, সি হিন্দু বুলি, লোকে মনত এনে ভাবে; কিন্তু তাৰ বগা চুলিৰ আৰু চকুৰ বৰনৰ দোআৰাই জনা হই জে সি কোনো ইংৰাজিৰ সন্তান।