পৃষ্ঠা:ধৰম গিত.djvu/২৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

তিকে মাথোন দিলে সত্য দায়া ন হই ইয়াকে সিবিলাকে নে জানে। সেই মেমো এই ৰুপেই আচিল; তেঁও জেতিয়া সেই লৰাক ঘৰলৈ আনিলে, আৰু আপোনাৰ চাকৰবিলাকক তাৰ কাৰনে আগ্যা দিলে, তেতিয়া লৰাক প্ৰয়োজনিয় বস্তু সকলো দি আচে বুলি জানিলে। এই কাৰনে মেমে হেনৰিৰ নিমিতে একো দুখ চিন্তা ন কৰাকৈএ থাকিল। কিন্তু বচি নামেৰে জিটো বেহেৰা অনেক দিনৰে পৰা হেনৰিৰ পিতাকৰ লগত চাকৰ আচিল, আৰু হেনৰিৰ জনমৰে পৰা সুন্দৰ ৰুপে মন দি প্ৰিতিয়েৰে পালন কৰিচিল, সেয়ে জদি নে থাকিলহেঁতেন, তেন্তে সেই সৰু লৰা নিচেই গিয়ান নাই কিয়া হৈ আপোনাৰ ইচা জনাব নোঅৰিলত, অৱশ্যে নিৰুপাই হৈ থাকিলে- হেঁতেন।

 হেনৰি জেতিয়া অতি সৰু আচিল, তেতিয়া সেই বেহেৰা তাৰে সৈতে দিনে ৰাতি থাকিচিলে, আৰু সেয়ে হেনৰিৰ খোআ বস্তু জুগুত কৰে, খাটত সুআই, কাপৰ পিন্ধাই সোলো-