পৃষ্ঠা:ধৰম গিত.djvu/২৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

জেন মোৰ লৰা কোনো মতে নিৰসা ন হব; কিয়নো পিত্ৰি হিন সকলো তোমাৰ পৰা দায়া পাই।

 জি অঙ্গিকাৰত তেঁও বিস্বাস কৰিলে, তাক য়িৰিমিয়া ভবিস্যত বক্তাৰ পুথিত এনে লিখা আচে। “অপোনাৰ পিত্ৰি হিন লৰবিলাকক সোধাই দিয়া, মই সিবিলাকক কুসলে ৰাখিম, আৰু তোমোলোকৰ বাঁৰিবিলাকেও মোত বিস্বাস কৰোক। ” য়িৰিমিয়া ৪৯ আধ্যা ১১ পদ।

 হেনৰিৰ মাক মৰিলত জি জনা মেম চাহাবে তেতিয়া দানাপুৰ আৰু পাটনাৰ মাজত থকা নদিৰ তিৰৰ এটা পকি ঘৰত বাস কৰিচিল, তেঁৱে আহি সেই সৰু হেনৰিক নি, আপোনাৰ ঘৰৰ মাজতে থাকিবৰ কাৰনে এটা খোঁটালি দিলে, আৰু লৰাৰ প্ৰয়োজনিয় বস্তু সকলোকে দিবলৈ আপোনাৰ চাকৰবিলাকক আগ্যা কৰিলে।

 দৰিদ্ৰবিলাকৰ দুখ দুৰ কৰিবলৈ ধন দিব পৰা, এনে অনেক অনেক লোক আচে, কিন্তু দৰিদ্ৰ লোকক পোসন পালনৰ নিমিতে সম্প-