পৃষ্ঠা:ধৰম গিত.djvu/২৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সৰু হেনৰি আৰু তাৰ বেহেৰাৰ বিবৰন।

১ আধ্যা।

 বঙ্গাল দেসৰ দানাপুৰ গাঁৱত সৰু হেনৰিৰ জনম হল। তাৰ বয়স দুই তিনি মাহ হলত, তাৰ পিতাক এটা জমিদাৰে সৈতে গৰৰ জুধতে মৰা পৰিল, কিয়নো তেঁও কম্পানি সেনাৰ মাজত এজন অধিকাৰ আছিল।

 পাঁচে এবচৰৰ মুৰত তাৰ মাকো মৰিল। এই দৰে সেই সৰু হেনৰি লৰা কালতে পিত্ৰি মাত্ৰি হিন হল। কিন্তু তাৰ মাক মৰিবৰ সময়ত, আপোনাৰ চকু স্বৰগৰ ফাললৈ তুলি চাই কলে, হে পৰম ইস্বৰ, মোৰ এই পিত্ৰি হিন লৰাটি তোমাৰ হাততে সমৰ্পন কৰোঁ, আৰু নম্ৰ মনেৰে তোমাৰ প্ৰতিগ্যা মান্য কৰোঁ, আৰু সম্পুৰ্ন আসা কৰি আচোঁ,