পৃষ্ঠা:ধৰম গিত.djvu/২৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩৫
পাপিৰ প্ৰাৰ্থনা।


২০৬
Distress for Sin. Ps. VI.
Windham. L. M.

হে প্ৰভু, মই পাপিষ্ট নৰ,
কাকুতি সুনোক অধমৰ;
নি দিবা সাস্তি ক্ৰোধত মোক,
দুৰ্বলিক চাই ক্ৰিপ কৰোক।

মোৰ পাপৰ ভাৰ অতি গধুৰ,
তাত সকল হাৰ কঁপিচে মোৰ;
প্ৰভু, মোৰ প্ৰানো হৈচে খিন,
কৰিবা পলম কিমান দিন?

ঘূৰি আহি মোৰ দুৰ্বল প্ৰান,
হে প্ৰভু, কৰোক পৰিত্ৰান;
জি হেতুক ম্ৰিত্যুত স্মৰন নাই,
তোমাৰ জস গুন তাত কোনে গাই!

কেঁকনিত মোৰ লাগে ভাগৰ,
ক্ৰিপা কৰোক, হে প্ৰেম সাগৰ;
সকলো নিসাত মোৰ নয়ন
থাকিচে বৈ লোতক সঘন।