পৃষ্ঠা:ধৰম গিত.djvu/২১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১২
তৰাবিলাকৰ উতৰ

তাহাতে সিকিবা প্ৰভুৰ গুন মহিমাৰ সাৰ,
আমি সবে দিপ্তি কৰোঁ অগ্যাতে জাহাৰ।

জেনে ৰুপে আমি সবে সৰ্বদা ভ্ৰমন
অন্ধকাৰৰ মাজে চলি কৰিচোঁ গমন,
সেহি ৰুপে জিৱ আত্মা জানা মনুস্যৰ,
আমাৰ বিনাস হলে তথাচ থাকিব অমৰ;
সুৰ্জ আৰু গ্ৰহগনো জদি হব খই,
তথাপি মানুহৰ আত্মা ন মৰে নিচই।

8

হেজাৰ হেজাৰ কল্প কালো জদি খই হব,
অতি অলপ কালহে বুলি তেতিয়া গনিব।
দেখা, এহি দিপ্তিমন্ত তৰা জতগন,
এটা এটা কৰি সিও হবগৈ নাসন;
জেতিয়া আমাৰো মহিমা গুচি হই বিনাস,
তথাপি মানুহৰ আত্মা হব অবিনাস।

উপদেস।

এহি হেতু উপদেসত সুনি দিয়া মন,
পাপৰ মতি চাৰি ভজা ব্ৰহ্ম নিৰঞ্জন;
তেঁৱে প্ৰভু স্ৰিষ্টি থিতি কৰ্তা চৰাচৰ,
অদিতিয় ত্ৰানো কৰ্তা জাতি মনুস্যৰ;