পৃষ্ঠা:ধৰম গিত.djvu/১৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯০
ৰাতি পুআৰ গিত।

১৬৩

Morning Hymn.
Greenville, Little. 8, 7.

ৰাতিৰ ভয়ত ৰখ্যা কৰি
 ৰাখিলে প্ৰভুএ প্ৰান,
নিদ্ৰা ম্ৰিত্যু জিনি উঠি
 কৰোঁ প্ৰভুৰ স্তুতি গান।

প্ৰভু ক্ৰিপা কৰি আমাক
 ৰাখি আচে সৰ্বদাই;
স্ৰজন পালন সংহাৰ কৰ্তা
 খ্ৰিষ্টত বাজে কোনো নাই।

ৰাতিৰ এন্ধাৰ ঘোৰ অপ্ৰকাস
 গুচি হল অৰুনোদই;
আজিৰ পৰিখ্যাতে প্ৰভু
 তোমাৰ দাসৰ কৰা জই।

8

সত্য বাক্যে সত্য পথে
 চলাবা, প্ৰভু, ঠেক বাট;
দায়া কৰি ধৰি ৰাখা,
 সৰ্বসক্তি তোমাৰ হাত।  ব. দ.