পৃষ্ঠা:ধৰম গিত.djvu/১৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮৮
ৰাতি পুআৰ গিত।

১৬১

Morning Hymn.
Warren. 7.

ৰাতি পুআ হলে মন
নিতৌ গোআ য়িচুৰ গুন,
দিনে ৰাতি কৰা ধ্যান
প্ৰভু য়িচুৰ পৰম গুন।

জেতিয়া আচিলোঁ নিদ্ৰাত,
মোক ৰাখিলে আপদত,
এতিয়া জাগি, হে মোৰ মন,
কৰা য়িচুৰ নাম কিৰ্তন।

দেখোঁ মই বেলিৰ উদই
তাতে মোৰ মনত ৰঙ্গ হই,
ফেচু আদি চৰাইবোৰ
সুনাদো কৰে প্ৰভুৰ।

বেলিৰ জিলিকনি চাঁ,
পুবৰ ফালে উদই তাৰ,
স্ৰিষ্টি তাতে চেতন পাই
অনেক ৰুপে স্তুতি গাই।