পৃষ্ঠা:ধৰম গিত.djvu/১৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭৮
খ্ৰিষ্টৰ ৰাজ্য বৰ্হা।

১৫১

“O'er mountain tops the mount of God.”
Portuguese Hymn. 11.

সেস কালতে ইস্বৰৰ পৰ্বত প্ৰকাস
ওখ দেখা জাব, পবিত্ৰৰ নিবাস;
তাত উঠি আনন্দেৰে পাব কুসল
সকল জাতি ভাসাৰ লোক স্বৰগৰ তল।

জি প্ৰদিপ চিওনৰ ওপৰে জলন্ত,
তাৰ ৰস্মিএ জুৰিব জগতৰ অন্ত;
চিওনৰ কাৰেঙ্গত জি ৰজাৰ আসন,
তেঁওৰ জই হব দিপে দিপ মৰ্ত্যৰ ভুবন

ৰন বিগ্ৰহ ওৰ পৰিব সেই ধৰম কাল,
তৰোআলেৰে সাজিব নাঙ্গলৰ ফাল,
বৰচাবোৰ ভাঙ্গিব কাচি গৰ্হাই,
হওক দেসি বিদেসি, সকলো ভাই ভাই।

সুই থাকিব সিংহ মেৰ পোআলি সহিত,
বিনাস হৈ বাঘ আদিৰ স্বভাও প্ৰিথিবিত;
সেই ৰুপ হব কাল হেজাৰ বচৰ দিঘল,
স্বৰ্গৰ তুল্য প্ৰেম থাকি এই ভুমণ্ডল।
 ন. ব.